বড়োভূমিৰ ৰাজনীতি কোন দিশে?
সম্পাদকীয়, ২০ জুলাই ২০২১
তৃতীয় বড়ো শান্তিচুক্তি আৰু তাৰ পিছৰ পৰ্যায়ক্ৰম ৰাজনীতিয়ে বড়োভূমিত বৰ্তমান এক অসন্তুলিত ৰাজনৈতিক পৰিবেশ সৃষ্টি কৰিছে। বিশেষকৈ ৰাষ্ট্ৰবাদী ভাৱাদৰ্শৰ বিজেপি দলৰ আগ্ৰাসনে বড়ো জাতীয়তাবাদী শিবিৰক শংকিত কৰি তুলিছে। বৰ্তমানৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োই কিদৰে এই বাতাৱৰণ সন্তুলিত কৰি তুলিব সেইয়া এক বৃ্হৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। বিশ্বজিৎ দৈমাৰীৰ বিজেপি গমন, বিধানসভাৰ অধ্যক্ষপদ লাভ আৰু প্ৰমোদ বড়োৰ ৰাজনীতিত প্ৰৱেশৰ পিছত বড়ো জাতীয় নেতৃত্ব-শূণ্যতাই এই প্ৰত্যাহ্বান বহুগুণে বৃদ্ধি কৰিব।
যোৱা চাৰি দশকে বড়োভূমিত উগ্ৰপন্থী সমস্যা, ভাতৃঘাতী হিংসা, জনগোষ্ঠীয় সংঘৰ্ষ ইত্যাদি বিভিন্ন অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমান্তৰালকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ডিভাইড আচাম ফিফটি-ফিফটিৰ দৰে এক অতি আবেগিক, শক্তিশালী জাতীয় সংগ্ৰামখনো চলি আছিল।
তৃতীয় বড়ো শান্তিচুক্তিৰ পিছত এনডিএফবিৰ সমস্যা আৰু ডিভাইড আচাম ফিফটি-ফিফটি আন্দোলনৰ সমাপ্তি ঘোষণা হ’ল। চুক্তিখন যিহেতু বহু সংগোপনে কৰা হৈছিল সেইবাবে বড়োভূমিত বসবাস কৰা ৰাইজে আগতীয়াকৈ এই চুক্তিৰ দফাসমূহৰ বিষয়ে সম্পূৰ্ণ অগোচৰ আছিল। আনকি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীয়েও চুক্তিখনৰ দফাসমূহৰ বিষয়ে নজনাকৈয়ে স্বাক্ষৰ কৰা বুলি জনমানসত প্ৰবাদ আছে। সাক্ষী হিচাবে স্বাক্ষৰ কৰা হাগ্ৰামা মহিলাৰীয়েও পিছলৈ চুক্তিখন অগ্ৰাহ্য কৰিছিল। চুক্তিৰ ঠিক পিছে পিছে বড়োভূমিত সৃষ্টি হোৱা নিৰ্বাচনী বাতাবৰণে চুক্তিৰ বিবাদাস্পদ বিষয়সমূহ গাপ দি তেনেকৈয়ে নিৰ্বাচনটো পাৰ হ'ব বুলি ভবা হৈছিল। কিন্তু কৰ’না ভাইৰাচৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই গ’ল। সময় বাগৰাৰ লগে লগে নিৰ্বাচনৰ ইচ্যুবোৰো সলনি হ’ল। বিপিএফ দলৰ প্ৰড়োচনাত বিবাদাস্পদ বিষয় সমূহে যথেষ্ট প্ৰচাৰ লাভ কৰিলে। পিছলৈ প্ৰমোদ বড়োৰ মুখত শান্তি চুক্তি নিৰূপনতকৈ পৰিৱৰ্তনৰ বাৰ্তাই অধিক প্ৰাথমিকতা পালে। নাচ-গান, জাকজমকতাৰে ভৰা নিৰ্বাচনী কেম্পেইনবোৰৰ মাজেৰে পৰিৱৰ্তনৰ প্ৰাৰূপ গাঁওলীয়া ৰাইজৰ মানসত প্ৰতিস্থা কৰিবলৈ চেষ্টা কৰা হ’ল। হিমন্ত বিশ্ব শৰ্মায়ো বিজেপিৰ হৈ তুমুল প্ৰচাৰ চলালে আৰু ৰাইজক পৰিৱৰ্তনৰ স্বাৰ্থত ভোট প্ৰদান কৰিবলৈ আহ্বান জনালে।
নিৰ্ধাৰিত তাৰিখতকৈ প্ৰায় আঠমাহ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলে বড়োভূমিৰ ৰাইজৰ মনস্তত কিধৰণৰ সেয়া স্পষ্টকৈ প্ৰকাশ কৰিলে। এক কথাত নিৰ্বাচনত বড়োসকলে এক খোকোজাপূৰ্ণ সিদ্ধান্ত ল’লে যিয়ে বড়োসকলৰ এক দোদুল্যমান ৰাজনৈতিক স্থিতি স্পষ্ট কৰিলে। নিৰ্বাচনত কোনো এটা দলেই চৰকাৰ গঠন কৰিবলৈ আৱশ্যকীয় ২০ খন আসন পাবলৈ সক্ষম নহ’ল। আটাইতকৈ বেছি ১৭ খন আসন লাভ কৰা বিপিএফ দল চৰকাৰৰ বাহিৰত থাকিল, অবড়ো ৰাজনীতি ধুলিস্যাৎ হৈ পৰিল আৰু বিজেপি দলে ৯ খন আসন লাভ কৰিবলৈ সক্ষম হ’ল। বিজেপিৰ সমৰ্থনত ১২ খন আসন লাভ কৰা প্ৰমোদ বড়োৰ ইউপিপিএল দলে বিটিচিত চৰকাৰ গঠন কৰিলে। বড়ো সকলৰ দোদুল্যমান ৰাজনৈতিক স্থিতি আৰু তুঁহৰ জুইৰ দৰে জ্বলি থকা কিছুমান সংবেদনশীল বিষয়ে ভৱিষ্যতলৈ বড়োভূমিৰ ৰাজনীতি কোনফালে পৰ্যবসিত কৰাব সেয়া কাল-সময়ৰ হাতত।
বিটিচি চৰকাৰখন স্থায়িত্ব নৌপাওতেই অঞ্চলটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ল। বিধানসভা নিৰ্বাচনতো বড়ো ৰাইজৰ একেই দশা পৰিলক্ষিত হ’ল। যাৰ বাবে বিটিচিৰ মুঠ ১২ খন বিধান সভা সমষ্টিত ইউপিপিএলে ৬ খন, মিত্ৰদল বিজেপিয়ে ২ খন আৰু বিপিএফে ৪ খন আসন লাভ কৰিলে।
ৰাজনৈতিক বিশেষজ্ঞ কিছুমানৰ মতে সকলোবোৰ যেন বিজেপিৰ পৰিকল্পিত ডিজাইন মতেই সংঘটিত হৈ আছে। বিটিচিৰ বৰ্তমানৰ অসন্তুলিত ৰাজনৈতিক পৰিবেশত বিজেপিৰ বাবে এক সুৱৰ্ণ সুযোগ সৃষ্টি হৈছে। হাগ্ৰামা মহিলাৰী সহিতে সমস্ত বিপিএফ দলটোই বিজেপিৰ সৈতে বিলীন হোৱাৰ দিশে আগবঢ়াৰ বাতৰি প্ৰকাশিত হৈছিল। কিন্তু সেইয়া হৈ নুঠিল, কিছুমানৰ মতে হাগ্ৰামাই বিপিএফ ত্যাগ কৰি বিজেপিত বিলীন হোৱাৰ পৰিৱৰ্তে বিপিএফ দল হিচাবেহে মিত্ৰজোঁটক সমৰ্থন আগবঢ়াব বিচাৰিছিল। বিজেপিয়ে সেইয়া মানি নললে।
বিষয়বোৰ ভবাধৰণে ইমান সৰল নহয়। বিটিচি ষষ্ঠ অনুসূচীভুক্ত অঞ্চল যদিও ইয়াৰ জনগাঁঠনিত বহু জটিলতা আছে। ৭০ শতাংশতকৈ অধিক অজনজাতীয় লোক বিটিচিত বসবাস কৰে। বিজেপিৰ অনুপ্ৰৱেশে বড়োসকলৰ স্বায়ত্বতাৰ ওপৰত ভালেখিনি সংকাৰ সৃষ্টি কৰিব। হীৰা শৰণীয়াৰ নেতৃত্বত একত্ৰিত হোৱা অবড়ো ৰাজনীতি চাৰসাৰ হোৱাৰ পিছত প্ৰায় ২০ শতাংশ মুছলমানক বাদদি আনবোৰ জনগোষ্ঠী বিজেপিমুখী হোৱাটোৱে স্বাভাৱিক। তেনেকুৱা হ’লে বিটিচিৰ ক্ষমতাৰ বাঘজৰীডাল বিজেপিয়ে অতিসহজে হস্তগত কৰি ল’ব পাৰিব। আনহাতে বিজেপিৰ ৯ জন পাৰিষদৰ ৬ জনেই অজনজাতীয়, পিছলৈ বিজেপিত যোগদান কৰা শ্ৰীৰামপুৰৰ পাৰিষদজনো অজনজাতীয়। গতিকে বিজেপিত নিশ্চিতভাৱেই অজনজাতীয় নেতা-কৰ্মী সকলেহে অধিক প্ৰাথমিকতা পাব সেয়া ধুৰূপ । বড়োসকলৰ চাৰি দশকৰ আন্দোলনৰ সূত্ৰপাতৰ মূল কাৰণেই আছিল মূলসূতীৰ অসমীয়া সকলৰ আধিপত্যবাদ আৰু বিভিন্ন মহলত তেওঁলোকৰ প্ৰতি প্ৰদৰ্শন কৰা হেয়ভাৱ। গতিকে দিছপুৰৰ চাবিৰে এইবোৰ বেলেঞ্চ কৰাও বিজেপিৰ বাবে ইমান সহজ নহ’ব। অসমৰ ৰাজনীতিৰ উজনি-নামনিৰ দৰে বিটিচিটো পূব-পশ্চিমৰ জটিল ৰাজনীতি বিৰাজিত। কোকৰাঝাৰৰ ৰাজনৈতিক মহলে বৌদ্ধিকতা আৰু ক্ষমতাৰ চাবিকাঠিডাল সদায় পশ্চিম ফালে ৰাখিব বিচাৰে। পৰিষদীয় সমষ্টিবোৰৰ জনবিন্যাস আৰু এতিয়ালৈ ঘটা ৰাজনৈতিক পৰিঘটনাবোৰে পশ্চিম ফালটো বিজেপিৰ হাতলৈ অনাটো ডাঙৰ প্ৰত্যাহ্বান হিচাবে দেখা দিব। প্ৰমোদ বড়োৰ দৰে বৰ্তমানৰ বিটিচিৰ বিজেপিৰ কাণ্ডাৰী বিশ্বজিৎ দৈমাৰীও পূব ফালটোই প্ৰতিনিধিত্ব কৰে।
আনহাতে ধৰ্মীয় ৰীতি-নীতিত বড়োসকল তিনিভাগত বিভক্ত। বাথৌ, ব্ৰহ্ম আৰু এক বৃ্হৎ অংশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী। উমৈহতীয়া ভাষা-কৃষ্টিয়ে বড়োসমাজখন একত্ৰিত কৰি ৰাখিছে যদিও ধৰ্মৰ আধাৰত সমাজবোৰ বিভক্ত হৈ আছে। বিজেপিৰ উগ্ৰহিন্দুত্ববাদী আদৰ্শ মুছলমানৰ দৰে খ্ৰীষ্টিয়ান ধৰ্মী সকলেও সহজে গ্ৰহণ নকৰে। এনডিএফবি নেতা ৰঞ্জন দৈমাৰী খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ। তৃতীয় বড়ো শান্তিচুক্তিৰ আধাৰত এতিয়ালৈ তেখেতৰ ওপৰত কোনো ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আকৌ বাথাৰ নেতৃত্বত এনএলএফবিৰ এটা দলে পুণৰ জংগললৈ প্ৰত্যাৱৰ্তন কৰাটো যথেষ্ট উদ্বেগজনক।
গতিকে এই সমগ্ৰ জটিল বিষয়বোৰে বড়োভূমিৰ ৰাজনীতি যে সহজ হৈ থকা নাই সেইটো স্পষ্ট।
BTC অঞ্চলত বড়ো জনগোষ্টী সংখ্যালঘু যদিও এই অঞ্চলত বড়ো ৰ ৰাজনীতি চলিব।
ReplyDeleteBTC অঞ্চলৰ শাসনৰ বাঘজৰী ডাল সদায় বড়োৰ হাতত থাকিব সেয়া নিশ্চিত।