সচাকৈ অৰ্পণ কৰা হ’ল নেকি বিটিচিৰ সমস্ত ক্ষমতা ?
সম্পাদকীয়, ১৫ জুন ২০২১
৪ জুন, ২০২১ তাৰিখে বিটিচি চৰকাৰে জাৰি কৰা
এখন অৰ্ডাৰে সমগ্ৰ বিটিচি কঁপাই তুলিলে।
অৰ্ডাৰখনৰ জৰিয়তে বিটিচিৰ ১৫ টা বিভাগৰ
বিভিন্ন উন্নয়নমূলক আঁচনিৰ তদাৰকী আৰু নিৰীক্ষণৰ দায়িত্ব চাৰিখন
জিলা ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰৰ জিলাৰ জিলা
উপায়ুক্তৰ হাতত অৰ্পন কৰা হ’ল। লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁজুৰিৰ দায়িত্ব উপায়ুক্তৰ আৰু মহকুমা কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁজুৰিৰ দায়িত্ব মহকুমাধিপতিৰ হাতত ন্যস্ত কৰা হ’ল।
জিলা উপায়ুক্ত আৰু মহকুমাধিপতি সকলক এনেদৰে দায়িত্ব
অৰ্পন কৰাৰ ফলত বিটিচিৰ সমস্ত ক্ষমতা নাইকিয়া হৈ গ’ল নেকি তাকে
লৈ ভিন্ন মহলত ভিন্ন ধৰণৰ চৰ্চা হোৱা দেখা গৈছে।
২০০৩ চনৰ বিটিচি চুক্তিৰ দ্বাৰা
বিটিচি কৰ্তৃপক্ষই প্ৰায় সকলোবোৰ ক্ষমতা নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। বিধায়িনী
আৰু কাৰ্যকাৰিনীৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বিটিচি কৰ্তৃপক্ষৰ
হাতত আহিছিল। বিটিচিত কৰ্মৰত বিষয়াৰ ওপৰত
সম্পূৰ্ণ নিয়ন্ত্ৰণ, তেখেত সকলৰ পদোন্নতি, উন্নয়নৰ কামকাজ ও পৰিকল্পনা, বিত্তীয়
পৰিকল্পনা আদি সকলোবোৰ বিটিচি কৰ্তৃপক্ষৰ হাতত নিয়োজিত আছিল। ৰাজ্যৰ গৃ্হ বিভাগৰ
অধীনস্থ জিলা উপায়ুক্তৰ আৰু আৰক্ষী অধিক্ষকৰ কাৰ্যালয়হে বিটিচি কৰ্তৃপক্ষৰ
নিয়ন্ত্ৰণাধীন নাছিল।
উন্নয়নমূলক আঁচনিৰ তদাৰকী
আৰু নিৰীক্ষণ আৰু কৰ্মচাৰী সকলৰ নিয়ন্ত্ৰনৰ
ক্ষমতা জিলা উপায়ুক্তৰ হাতলৈ যোৱা মানে বিষয়টো আওপকীয়াকৈ ৰাজ্যৰ গৃ্হ বিভাগৰ অধিনত
যোৱা বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। ই বিটিচিৰ স্বায়ত্বতা হ্ৰাস কৰিব বুলি বিটিচিৰ
জাতীয় চেতনা মহল জাঙুৰ খাই উঠিছে।
আনফালে প্ৰমোড বড়োৱেও উক্ত অৰ্ডাৰৰ জৰিয়তে বিটিচি অধিক কাৰ্যকৰী প্ৰশাসন আৰু স্বায়ত্বতাৰ দিশে আগবাঢ়িব বুলি
দাবী কৰিছে। লগতে সদ্য সম্পাদিত শান্তি চুক্তি (বিটিআৰ চুক্তি) ৰ দফাবোৰ কাৰ্যকৰী
কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ আৰু
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টুইটযোগে শুভেচ্ছা ও ধন্যবাদ যাঁচিছে।
বিটিআৰ চুক্তিৰ দফা ৪.৫ আৰু ৪.৬
মতে বিটিচিৰ চীফৰ সৈতে আলোচনা কৰিহে জিলা উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক নিযুক্তি দিয়াৰ
কথা আছে লগতে জিলা উপায়ুক্তই দায়িত্ব অৰ্পন কৰা অনুযায়ী
জিলাৰ উন্নয়নমূলক কামকাজৰ খাতিয়ান বিটিচিৰ চীফক দিব লাগিব বুলি উল্লেখ আছে।
সকলোবোৰ দিশ চালিজাৰি চোৱাৰ পিছতো
এতিয়ালৈকে বিষয়টো স্পষ্ট হোৱা নাই। জিলা উপায়ুক্ত সকলক জিলা উন্নয়নৰ পৰিকল্পনাৰ দায়িত্ব দিয়া হৈছে যদিও এই পৰিকল্পনা
কেনেকৈ প্ৰস্তুত কৰিব তাৰ কোনো নিৰ্দেশনা এতিয়ালৈ দিয়া হোৱা নাই। জাতি-ধৰ্ম-ভাষা
নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজক সাঙুৰি লব পৰাকৈ অসমৰ অন্য জিলাৰ নিচিনা বিটিচিত
তিনিখলপীয়া পঞ্চায়তীৰাজৰ ব্যৱস্থাও নাই। ব্লক আৰু জিলা পৰ্যায়ত পৰিকল্পনাৰ বাবে
ৰাইজৰ প্ৰতিনিধি নাই। ভিলেজ কাউঞ্চিল বোৰ নিৰ্বাচন নপতাকৈ গঠন কৰা বাবে বহু
দুৰ্নীতি আৰু খামখেয়ালিৰ খবৰ প্ৰমোদ বড়োৰ পৰিৱৰ্তনকামী বিটিচিৰ দৈনন্দিন ঘটনা হৈ
পৰিছে।
বহুতেই আকৌ সন্দেহ প্ৰকাশ কৰিছে
যে বিটিচিৰ কৰ্তৃত্বাধীন বিষয়া-কৰ্মচাৰী সকলক নাকী লগাব নোৱাৰাৰ বাবেই চীফ প্ৰমোদ
বড়োই জিলা উপায়ুক্ত সকলক কামকাজৰ দায়িত্ব দিবলৈ বাধ্য হৈছে।
********
Comments
Post a Comment