Posts

বড়োভূমিৰ ৰাজনীতি কোন দিশে?

Image
সম্পাদকীয়, ২০ জুলাই ২০২১ তৃতীয় বড়ো শান্তিচুক্তি আৰু তাৰ পিছৰ পৰ্যায়ক্ৰম ৰাজনীতিয়ে বড়োভূমিত বৰ্তমান এক অসন্তুলিত ৰাজনৈতিক পৰিবেশ সৃষ্টি কৰিছে। বিশেষকৈ ৰাষ্ট্ৰবাদী ভাৱাদৰ্শৰ বিজেপি দলৰ আগ্ৰাসনে বড়ো জাতীয়তাবাদী শিবিৰক শংকিত কৰি তুলিছে। বৰ্তমানৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োই কিদৰে এই বাতাৱৰণ সন্তুলিত কৰি তুলিব সেইয়া এক বৃ্হৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। বিশ্বজিৎ দৈমাৰীৰ বিজেপি গমন, বিধানসভাৰ অধ্যক্ষপদ লাভ আৰু প্ৰমোদ বড়োৰ ৰাজনীতিত প্ৰৱেশৰ পিছত বড়ো জাতীয় নেতৃত্ব-শূণ্যতাই এই প্ৰত্যাহ্বান বহুগুণে বৃদ্ধি কৰিব। যোৱা চাৰি দশকে বড়োভূমিত উগ্ৰপন্থী সমস্যা, ভাতৃঘাতী হিংসা, জনগোষ্ঠীয় সংঘৰ্ষ ইত্যাদি বিভিন্ন অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমান্তৰালকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ডিভাইড আচাম ফিফটি-ফিফটিৰ দৰে এক অতি আবেগিক, শক্তিশালী জাতীয় সংগ্ৰামখনো চলি আছিল।  তৃতীয় বড়ো শান্তিচুক্তিৰ পিছত এনডিএফবিৰ সমস্যা আৰু ডিভাইড আচাম ফিফটি-ফিফটি আন্দোলনৰ সমাপ্তি ঘোষণা হ’ল। চুক্তিখন যিহেতু বহু সংগোপনে কৰা হৈছিল সেইবাবে বড়োভূমিত বসবাস কৰা ৰাইজে আগতীয়াকৈ এই চুক্তিৰ দফাসমূহৰ বিষয়ে সম...

সচাকৈ অৰ্পণ কৰা হ’ল নেকি বিটিচিৰ সমস্ত ক্ষমতা ?

Image
  সম্পাদকীয়, ১৫ জুন ২০২১ ৪ জুন, ২০২১ তাৰিখে বিটিচি চৰকাৰে জাৰি কৰা এখন অৰ্ডাৰে সমগ্ৰ বিটিচি কঁপাই তুলিলে। অৰ্ডাৰ খন ৰ জৰিয়তে বিটিচিৰ ১৫ টা বিভাগৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ তদাৰকী আৰু নিৰীক্ষণৰ দায়িত্ব চাৰিখন জিলা ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰৰ জিলাৰ জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰা হ’ল। লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁ জুৰিৰ দায়িত্ব উপায়ুক্তৰ আৰু মহকুমা কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁ জুৰিৰ দায়িত্ব মহকুমাধিপতিৰ হাতত ন্যস্ত কৰা হ’ল। জিলা উপায়ুক্ত আৰু মহকুমাধিপতি সকলক এনেদৰে দায়িত্ব অৰ্পন কৰা ৰ ফলত বিটিচিৰ সমস্ত ক্ষমতা নাইকিয়া হৈ গ’ল নেকি তাকে লৈ ভিন্ন মহলত ভিন্ন ধৰণৰ চৰ্চা হোৱা দেখা গৈছে। বিপিএফ দলৰ প্ৰাক্তন ডেপুটি চীফ খাম্পা বৰগয়াৰী প্ৰমুখ্যে বিভিন্নজনে সংবাদমেল যোগে বৰ্তমানৰ চীফ প্ৰমোড বড়োৰ ওপৰত নানান আৰোপ জাপি দিছে। প্ৰমোড বড়োৱেও সংবাদমেল যোগে বিষিয়টোৰ ওপৰত স্পষ্টীকৰণ দিছে। এনেদৰেই আৰোপ প্ৰত্যাৰোপৰ মাজে তেই বিটিচিৰ ৰাজনীতিত এক গৰম বাতাবৰণ বিৰাজ কৰিছে। বিষয়টো কি ? বিটিচিৰ জনসাধাৰণ এতিয়ালৈ স্পষ্ট হ’ব পৰা নাই। ২০০৩ চনৰ বিটিচি চুক্তিৰ দ্বাৰা বিটিচি কৰ্তৃপক্ষই...

বিটিচিত পঞ্চায়তীৰাজৰ বিকল্পৰ যথাযথ প্ৰতিষ্ঠা ও বিষয়টোৰ সমাধান

Image
সম্পাদকীয়, ১৫ জুন ২০২১ দুৰ্নীতিয়ে বিটিচিৰ সমাজ ব্যৱস্থাটোকে সম্পূৰ্ণৰূপে কলুষিত কৰি পেলাইছে। তাৰ অন্যতম কাৰণ হ'ল ইয়াত প্ৰচলিত ভিলেজ কাউঞ্চিল ব্যৱস্থাটো। ২০০৩ চনৰ বিটিচি চুক্তিৰ পূৰ্বে বিটিচিত দেশৰ বাকীবোৰ এলেকাৰ দৰে (পঞ্চ আৰু ষষ্ট অনুসূচীৰ এলেকাবোৰক বাদ দি) পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন আছিল। পঞ্চায়তীৰাজ ব্যৱস্থাটো এক ধৰণৰ তিনিখলপীয়া গণতান্ত্ৰিক ব্যৱস্থা। উন্নয়নৰ কাম কাজবোৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা আগবঢ়াই নিবলৈ এই তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাটো ১৯৯২ চনত সাংবিধানিক আইনৰ জৰিয়তে প্ৰৱৰ্ত্তন কৰা হৈছিল। গাওঁ পৰ্যায়ত গাঁও পঞ্চায়ত, ব্লক পৰ্যায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰ্যায়ত জিলা পৰিষদৰ দ্বাৰা এই ব্যৱস্থাটো পৰিচালিত হৈছিল। আইন মতে নিৰ্বাচনৰ দ্বাৰা প্ৰতিটো পৰ্যায়ৰ সদস্য আৰু সভাপতি সকলক নিৰ্বাচিত কৰা বাঞ্চনীয়। পঞ্চ অনুসূচীৰ এলেকাবোৰত পঞ্চায়তীৰাজৰ বিকল্প হিচাপে ১৯৯৬ চনত ’পেচা‘ আইন প্ৰৱৰ্ত্তন কৰা হৈছিল। ষষ্ট অনুসূচীৰ এলেকাবোৰ নিজা নিজা ভিলেজ কাউঞ্চিল ব্যৱস্থাৰে বহু আগৰ পৰাই চলি আছিল। ২০০৩ চনৰ বিটিচি চুক্তিৰ পিছত চাৰিখন জিলা ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰ...