Posts

Showing posts from July, 2021

বড়োভূমিৰ ৰাজনীতি কোন দিশে?

Image
সম্পাদকীয়, ২০ জুলাই ২০২১ তৃতীয় বড়ো শান্তিচুক্তি আৰু তাৰ পিছৰ পৰ্যায়ক্ৰম ৰাজনীতিয়ে বড়োভূমিত বৰ্তমান এক অসন্তুলিত ৰাজনৈতিক পৰিবেশ সৃষ্টি কৰিছে। বিশেষকৈ ৰাষ্ট্ৰবাদী ভাৱাদৰ্শৰ বিজেপি দলৰ আগ্ৰাসনে বড়ো জাতীয়তাবাদী শিবিৰক শংকিত কৰি তুলিছে। বৰ্তমানৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োই কিদৰে এই বাতাৱৰণ সন্তুলিত কৰি তুলিব সেইয়া এক বৃ্হৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। বিশ্বজিৎ দৈমাৰীৰ বিজেপি গমন, বিধানসভাৰ অধ্যক্ষপদ লাভ আৰু প্ৰমোদ বড়োৰ ৰাজনীতিত প্ৰৱেশৰ পিছত বড়ো জাতীয় নেতৃত্ব-শূণ্যতাই এই প্ৰত্যাহ্বান বহুগুণে বৃদ্ধি কৰিব। যোৱা চাৰি দশকে বড়োভূমিত উগ্ৰপন্থী সমস্যা, ভাতৃঘাতী হিংসা, জনগোষ্ঠীয় সংঘৰ্ষ ইত্যাদি বিভিন্ন অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমান্তৰালকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ডিভাইড আচাম ফিফটি-ফিফটিৰ দৰে এক অতি আবেগিক, শক্তিশালী জাতীয় সংগ্ৰামখনো চলি আছিল।  তৃতীয় বড়ো শান্তিচুক্তিৰ পিছত এনডিএফবিৰ সমস্যা আৰু ডিভাইড আচাম ফিফটি-ফিফটি আন্দোলনৰ সমাপ্তি ঘোষণা হ’ল। চুক্তিখন যিহেতু বহু সংগোপনে কৰা হৈছিল সেইবাবে বড়োভূমিত বসবাস কৰা ৰাইজে আগতীয়াকৈ এই চুক্তিৰ দফাসমূহৰ বিষয়ে সম...