সচাকৈ অৰ্পণ কৰা হ’ল নেকি বিটিচিৰ সমস্ত ক্ষমতা ?

সম্পাদকীয়, ১৫ জুন ২০২১ ৪ জুন, ২০২১ তাৰিখে বিটিচি চৰকাৰে জাৰি কৰা এখন অৰ্ডাৰে সমগ্ৰ বিটিচি কঁপাই তুলিলে। অৰ্ডাৰ খন ৰ জৰিয়তে বিটিচিৰ ১৫ টা বিভাগৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ তদাৰকী আৰু নিৰীক্ষণৰ দায়িত্ব চাৰিখন জিলা ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰৰ জিলাৰ জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰা হ’ল। লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁ জুৰিৰ দায়িত্ব উপায়ুক্তৰ আৰু মহকুমা কাৰ্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঁ জুৰিৰ দায়িত্ব মহকুমাধিপতিৰ হাতত ন্যস্ত কৰা হ’ল। জিলা উপায়ুক্ত আৰু মহকুমাধিপতি সকলক এনেদৰে দায়িত্ব অৰ্পন কৰা ৰ ফলত বিটিচিৰ সমস্ত ক্ষমতা নাইকিয়া হৈ গ’ল নেকি তাকে লৈ ভিন্ন মহলত ভিন্ন ধৰণৰ চৰ্চা হোৱা দেখা গৈছে। বিপিএফ দলৰ প্ৰাক্তন ডেপুটি চীফ খাম্পা বৰগয়াৰী প্ৰমুখ্যে বিভিন্নজনে সংবাদমেল যোগে বৰ্তমানৰ চীফ প্ৰমোড বড়োৰ ওপৰত নানান আৰোপ জাপি দিছে। প্ৰমোড বড়োৱেও সংবাদমেল যোগে বিষিয়টোৰ ওপৰত স্পষ্টীকৰণ দিছে। এনেদৰেই আৰোপ প্ৰত্যাৰোপৰ মাজে তেই বিটিচিৰ ৰাজনীতিত এক গৰম বাতাবৰণ বিৰাজ কৰিছে। বিষয়টো কি ? বিটিচিৰ জনসাধাৰণ এতিয়ালৈ স্পষ্ট হ’ব পৰা নাই। ২০০৩ চনৰ বিটিচি চুক্তিৰ দ্বাৰা বিটিচি কৰ্তৃপক্ষই...